Monday, 8 January 2018

প্ৰকৃতিৰ ৰম্যভূমি ভৈৰৱকুণ্ডত সীমান্ত এলেকা অনুষ্ঠান সফল সাম‌ৰ‌ণি

        প্ৰকৃতিৰ ৰম্যভূমি ভৈৰৱকুণ্ডত সীমান্ত এলেকা অনুষ্ঠান সফল সাম‌ৰ‌ণি

                     ভৈৰৱকুণ্ডৰ পৰা নৱ কুমাৰ ভৰালী ৰিপ'ৰ্ট৮ জানুৱাৰী 




  ওদালগুৰি নগৰৰ পৰা ২৪ কি মি উত্তৰে অৱস্থিত প্রাকৃতিক সৌন্দৰ্য্যৰ ৰম্যভূমি    ওদালগুৰি জিলাৰ অসম-অৰুণাচল প্ৰদেশ-ভূটান সীমান্তৱৰ্তী ভৈৰৱকুণ্ডত কালি এদিনীয়া কাৰ্যসূচীৰে " সীমান্ত এলেকা অনুষ্ঠান অৰ্থাৎ বৰ্ডাৰ এৰিয়া প্ৰ'গ্ৰাম " অনুষ্ঠিত হৈ যায়।  
     ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ উত্তৰ পূৱ মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰ ডিমাপুৰৰ উদ্যোগত আৰু ওদালগুৰি ভালেন্টেৰী এক্সন চ'ছাইটি ৰ সৌজন্যত ত্ৰি-সীমান্তৱৰ্তী অঞ্চলটোৰ জনসাধাৰ‌ণৰ মাজত শান্তি-সম্প্ৰীতি,সাংস্কৃতিক বিনিময়, একতা আৰু সংহতি প্ৰতিষ্ঠাৰ উপৰিও দেশৰ পৰ্যটন মানচিত্ৰত এক সুকিয়া স্থান দিয়াৰ উদ্দেশ্যে এই সীমান্ত এলেকা সাংস্কৃতিক মহোৎসৱৰ আযোজন কৰা হয়। 
      অনুষ্ঠানত জনগোষ্ঠীয় বিভিন্ন বাৰেৰহনীয়া লোকনৃত্য  আৰু সংগীতৰ মূৰ্চনাই প্ৰকৃতিৰ অপূৰ্বভূমি ভৈৰৱকুণ্ডৰ আকাশ বতাহ মুখৰিত কৰাই নহয়, সীমান্তবাসী আৰু বনভোজ খাবলৈ অহা হাজাৰ হাজাৰ লোকক বিমুগ্ধ কৰিবলৈ সক্ষম হয়। 
     উল্লেখ্য যে অনুষ্ঠানত মধ্য প্ৰদেশৰ বাধাই নৃত্য, উত্তৰ প্ৰদেশৰ ধেদিয়া-দাণ্ডিয়া নৃত্য, টংলাৰ ৰাভা নৃত্য, উড়িষাৰ শংখ বাদ‌ন নৃত্য, ওদালগুৰিৰ আদিৱাসী নৃত্য, মেঘালয়ৰ লেৱাটানা নৃত্য, ওদালগুৰিৰ চান্থালী নৃত্য, মিজোৰামৰ ছলাকিয়া নৃত্য, আৰু ৰৌতাৰ বড়ো বৰদৈচিলা‌ নৃত্য প্ৰদৰ্শণ কৰা হয়

No comments:

Post a Comment