Saturday, 13 January 2018

১৭ জানুৱাৰীৰ পৰা শিল্পগ্ৰাম মহোৎসৱ ২০১৮

১৭ জানুৱাৰীৰ পৰা শিল্পগ্ৰাম মহোৎসৱ ২০১৮

উত্তৰ পূৱৰ  লোকসংস্কৃতি একেলগে জিলিকিব গুৱাহাটীত


গুৱাহাটী,১৩ জানুৱাৰী:  ৰাষ্ট্ৰীয় পৰম্পৰাগত কলা, লোকসঙ্গীত, লোকনৃত্য আৰু লোকখাদ্য "শিলাগ্রাম মহোৎসৱ-২০১৮" অহা ১৭, ১৮, ১৯ আৰু ২০ জানুৱাৰী ২০১৮ তাৰিখে চাৰিদিনীয়া বিশাল কৰ্মসূচীৰে অনুষ্ঠিত হ'ব। শিল্পগ্ৰাম মহোৎসৱত লোকসঙ্গীত, লোকনৃত্য, থিয়েটার, পৰম্পৰাগত খাদ্য, কলা, আৰু  শিশুৰ কলা কৌশলৰ সংমিশ্ৰনেৰে এক ৰাষ্ট্ৰীয় কলা উৎসৱ ব আয়োজন কৰা হৈছে। এই ৰাষ্ট্ৰীয় পৰম্পৰাগত কলা, লোকসঙ্গীত, লোকনৃত্য আৰু লোকখাদ্যৰ মহোৎসৱটিলৈ ইতিমধ্যেই কেওটা মাণ্ডলিক কেন্দ্ৰৰ লগতে অন্যান্য প্ৰান্তৰ লোকশিল্পীসকলকো আমন্ত্রণ জনোৱা হৈছে। ইপিনে শিশুসকলৰ প্রতি
ভা বিকাশ অনুষ্ঠান, জাদু প্ৰদৰ্শন, শিশু চিত্রনাট্য আৰুৎ চিত্ৰাঙ্কন কর্মশালা, ‌উত্তৰপূৱৰ আঠখন ৰাজ্যৰে বিভিন্ন জনগোষ্ঠীৰ লোকনৃত্য আৰু লোকসঙ্গীত, নাট আৰু থিয়েটাৰ প্ৰদৰ্শন, মূকাভিনয় প্রদর্শনী উপস্থাপনৰ উপৰিও বিশিষ্ট শিল্পী সোনাল মানসিংহৰ ধ্ৰুপদীনৃত্য, আৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীৰ দ্ৱাৰা লোকসংগীতৰ এক ফিউছনৰ গীতৰ অনুষ্ঠানৰো দিহা কৰা হৈছে লগতে মহোৎসৱৰ কেওদিনে থাকিব বস্ত্ৰমেলা, পৰম্পৰা খাদ্যমেলা, প্ৰদৰ্শনী ।  
        প্ৰণিধানযোগ্য, উত্তৰ পূৱ মাণ্ডলিক সাংস্কৃতিক কেন্দ্র এটি সাংস্কৃতিক মন্ত্রণালয়ৰ, অধিনৰ স্বশাসিত প্রতিষ্ঠান, যি ভাৰত চৰকাৰৰ দ্বাৰা গঠন কৰা হৈছে I সঙ্গীত, নৃত্য, থিয়েটাৰ, কলা, চিত্ৰ ভাস্কৰ্য আৰু নৃতাত্ত্বিক প্রচাৰ,প্ৰসাৰ,সংবৰ্ধন আৰু্ সংৰক্ষণৰ কাৰণে উত্তৰ-পূর্বাঞ্চলীয় ৰাজ্যসমূহৰ সাংস্কৃতিক ঐতিহ্য ৰক্ষা আৰুর বিকশাই তোলাৰ কৰাৰ এক মহান লক্ষ্য নিধাৰণ কৰা হৈছে । ২00৬ চনত গুৱাহাটীৰ পাঞ্জাবাৰীত শিল্পগ্ৰাম নামেৰে স্থাপন এই কেন্দ্রটিয়ে শুভাৰম্ভণীৰে পৰাই " শিল্পগ্ৰাম "ক  উত্তৰ-পূবাঞ্চলৰ চিত্ৰকলা আৰু শিল্পকলা ভঁৰাল হিচাপে কাম কৰি অহাই নহয়, বিভিন্ন সময়ত কর্মশালাৰ আয়োজন, শিৱিৰ স্থাপন, শিশুসকলৰ প্ৰতিভা সন্ধানী কার্যকালাপৰ মাধ্যমেৰে চাৰু কলাশিল্প প্ৰচাৰ প্ৰসাৰ কৰি আহিছে।
     উল্লেখ্য যে,নাগালেণ্ডৰ ৰাজ্যপাল তথা NEZCC ৰ ছেয়াৰপাৰ্ছন পদ্মনাভ বালকৃষ্ণ আচার্যই এই অনুষ্ঠানত অহা ১৭ জানুৱাৰীৰ বিয়লি ৫:৩০ বজাত বিশেষ অতিথি হিচাপে উপস্থিত থাকি মহোৎসৱৰ শুভ আৰম্ভণী কৰিব। লগতে প্রখ্যাত সাহিত্যিক, শিক্ষাবিদ আৰু স্ৱনামধন্য শিল্পী ড০ বীৰেন্দ্রনাথ দত্ত, আৰু গুৱাহাটী বিশ্ৱবিদ্যালয়ৰ উপাচাৰ্য় ড০ মৃদুল হাজৰিকা, সন্মানীয় অতিথি আসন অলংকৃত কৰিব। প্ৰতিদিনে পুৱা ১১ বজাৰ পৰা সন্ধিয়া ৯:৩০ লৈকে চলিব লগীয়া এই মহোৎসৱলৈ সকলোৱে স-পৰিয়ালে আহি বিনামূল্যই অংশগ্ৰহণ কৰিব পাৰিব।

No comments:

Post a Comment