Wednesday, 29 November 2017

উত্তৰ-পূবাঞ্চলৰ গাৰোসকল

গাৰোসকলৰ সংস্কৃতি

              • নৱ কুমাৰ ভৰালী

ফ্ৰেমত:গোৱালপাৰা জিলাৰ ৱাংগালা কৃষ্টি দল
      ফটোৰ স্থা‌ন: ডিব্ৰুগড়
        তাৰিখ:২২-০৯-২০১৬


      উত্তৰ-পূবাঞ্চলৰ অন্যতম এক বৰ্ণাঢ্য জনগোষ্ঠী হ'ল গাৰোসকল। গাৰোসংস্কৃতি অতিকে চহকী। অসমৰ ২৩ টা অনুসূচিত জনজাতিৰ ভিতৰৰ গাৰোসকলো অন্যতম। অসমৰ গোৱালপাৰা জিলা, কামৰূপ জিলা,ওদালগুৰি জিলা,দৰঙ জিলাৰ উপৰিও মেঘালয়ৰ বিভিন্ন ঠাইৰ লগতে গাৰোপাহাৰ জিলা, ত্ৰিপুৰা বহু অঞ্চলত গাৰোসকলে বসবাস কৰে। গাৰোসকলৰ নিভাঁজ স্বকীয় আচাৰ-নীতিয়ে উত্তৰ-পূবাঞ্চলৰ সমাজ জীৱনত সুকীয়া বৈশিষ্ট্যৰ পৰিচয় দাঙি ধৰি আহিছে। তেওঁলোকৰ পৰম্পৰাগত খাদ্য, সাজপাৰ,কলা-সংস্কৃতিয়ে উত্তৰ-পূবাঞ্চলৰ পৰ্যটনলৈ অনবদ্য অৱদান আগবঢ়ায় আহিছে। নৃতত্ত্ববিদসকলৰ মতে, তিব্বত-বৰ্মী গোষ্ঠীৰ এইসকল মংগোলীয় গোষ্ঠীৰ লোক উত্তৰ-পূব কোনেদি অসমত সোমায় যদিও জীৱন আৰু জীৱিকাৰ সন্ধানত মেঘালয়ৰ পশ্চিম দিশৰ আওহতীয়া পৰ্বতীয়া এলেকাত সৰহীয়াকৈ বসবাস কৰিবলৈ লোৱাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ পাহাৰীয়া এলেকাটি গাৰো পাহাৰ হিচাপে স্বীকৃত হয়। মেঘালয়ত বসবাস কৰা মাতৃপ্ৰধান জনজাতি খাচীসকলৰ পিছতে গাৰোসকলৰ স্থান। ২০১১ চনৰ সামাজিক লোকপিয়লৰ মতে গাৰোৰ জনসংখ্যা অসমত ১৩৬,০৭৭ জন, মেঘালয়ত ৮২১,০২৬ জন আৰু ত্ৰিপুৰাত ১২,৯৫২ জন বুলি জানিব পৰা যায়।গাৰো সকল প্ৰধানত: খেতিজীৱী। 

ডিব্রুগড় বিশ্ববিদ্যালয়ত বিজু ফুকন আৰু মামণি ৰয়চম গোস্বামীৰ স্মৃতিচাৰণ সভা


ডিব্রুগড় বিশ্ববিদ্যালয়ত বিজু ফুকন আৰু মামণি ৰয়চম গোস্বামীৰ স্মৃতিচাৰণ

নৱ কুমাৰ ভৰালী 

ডিব্রুগড় বিশ্ববিদ্যালয় ,২৯ নৱেম্বৰ: ডিব্রুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্রৰ উদ্যোগত আজি  সদ্য প্ৰয়াত অসমৰ যশশ্ৰী অভিনেতা বিজু ফুকন আৰু জ্ঞানপীঠ বটাঁ বিজয়ী সাহিত্যিক মামণি ৰয়চম গোস্বামী সোঁৱৰণী এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈ যায়। সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্রৰ সঞ্চালক প্রফেচাৰ সত্যকাম বৰঠাকুৰ পৌৰহিত্যত অনুষ্ঠিত চিৰ সেউজ অভিনেতা বিজু ফুকন আৰু স্বনামধন্য সাহিত্যিক ডঃ মামণি ৰয়চম গোস্বামীৰ পঞ্চম মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজিত স্মৃতিচাৰণ সভাখনিত ডঃ ভূপেন হাজৰিকা পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক ডঃ প্ৰাণজিৎ বড়া আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি মামণি ৰয়চম গোস্বামী সোঁৱৰণী বক্তব্য প্ৰদান কৰে। বক্তব্যত তেঁও জ্ঞানপীঠ বটাঁ বিজয়ী বিশিষ্ট সাহিত্যিক,ঔপন্যাসিক ডঃ মামণি ৰয়চম গোস্বামী( মামণি বাইদেউ) অসমীয়া সাহিত্য জগতৰ এক বিৰল প্ৰতিভাধৰ ব্যক্তি, তেঁওৰ ৰচনাৱলীতেই তেঁওৰ জীৱনৰ প্ৰভাব স্পষ্টৰূপত উপস্থাপন কৰিছে বুলি কৈ মামণি বাইদেৱে সংঘাতপূৰ্ণ ব্যক্তিগত জীৱনৰ সমগ্ৰ যন্ত্ৰণাক প্ৰত্যাহ্বান জনাই সমস্ত শক্তি আৰু প্ৰতিভা সৃজনীশীল আৰু ইতিবাচক সৃষ্টিত ব্যৱহাৰ কৰি তেওঁ অসম তথা অসমীয়া সাহিত্যক ধন্য কৰি থৈ গৈছে বুলি মন্তব্য কৰে। "মুখ্যতঃ ঔপন্যাসিকা হিচাবেহে বেছিকৈ জনপ্ৰিয় এইগৰাকী প্ৰথিতযশা সাহিত্যশিল্প সাধকে মাতৃভাষা অসমীয়াৰ  উপৰিও ইংৰাজী ভাষাতো অনেক নান্দনিক আৰু গৱেষণামূলক সূষ্টিৰে সাহিত্যৰ লগতে শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰতো অৰিহণা আগবঢ়াই গৈছে" বড়াই কয়। ভাষণ প্ৰসংগত বড়াই ডঃ গোস্বামীৰ সাহিত্যকৰ্মসমূহে সাধাৰণ মানুহৰ বাস্তৱ জীৱনৰ কঠোৰ সত্য প্ৰতীয়মান কৰিলেও তেখেতৰ প্ৰকাশভংগী অত্যন্ত সংবেদনাশীল, যাৰ কাপেৰে নিগৰা মামৰে ধৰা তৰোৱাল,দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা আদি উল্লেখযোগ্য উপন্যাস অসমৰ আৰু ভাৰতীয় সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে বুলিও উল্লেখ কৰে।
ইপিনে সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্রৰ ছাত্ৰী স্বপ্নালী শইকীয়া ভূঞাই  বিজু ফুকন সোঁৱৰণী বক্তব্য আগবঢ়ায়নিজৰ বক্তব্যত তেঁও বিজু ফুকনে অসমীয়া বোলছবি জগতৰ লগতে অসমৰ সমাজ, কলা-সংস্কৃতি পথাৰ খনলৈ নিজৰ স্বকীয় শৈলি আৰু ব্যক্তিত্বৰে নিৰলস ভাৱে অভিনয় ,কলা-কৌশলেৰে জাতিটোলৈ সেৱা আগবঢ়াই যোৱা বুলি কৈ, তেঁওৰ অমূল্য অৱদানখিনি ভৱিষ্যত প্ৰজন্মৰ বা‌বে প্ৰেৰণাৰ উৎস, ইয়াক চৰকাৰ-প্ৰশাসনে সঠিকভাৱে সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে ব্যৱস্থা লোৱা উচিত। শিল্পী সকলৰ মৃত্যুৰ পিছত কিয়, জীৱন্ত কালতে শিল্পীৰ মূল্যাংকন কৰি শিল্পক সন্মান প্ৰদৰ্শন কৰিলে সমাজৰ হিতকৰ বুলি উল্লেখ কৰে।
মনকৰিব লগীয়া কথা যে, অহা বৰ্ষৰ পৰা  সাংবাদিকতা আৰু গণসংযোগৰ শিক্ষাৰ্থীসকলৰ সামাজিক আৰু শৈক্ষিক উৎকৰ্ষ সাধনৰ অৰ্থে  অতিকে মহান শিল্পী, সাহিত্যিক, ব্যক্তি, আৰু বিভিন্ন উল্লেখযোগ্য দিৱস উৎসৱ সমূহ শৈক্ষিক দিনপঞ্জী অনুসৰি নিয়মীয়াকৈ উদযাপনৰ কৰাৰ হ'ব বুলি সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্রৰ সঞ্চালক ডঃ সত্যকাম বৰঠাকুৰে ঘোষণা কৰে। সভাত সহকাৰী অধ্যাপিকা কান্তা কাৱেৰী সোণোৱালে মামণি ৰয়চম গোস্বামীৰ মৃত্যু দিৱসৰ বাবে গভীৰ শ্ৰদ্ধাঞ্জলী নিবেদন কৰাৰ উপৰিও প্ৰয়াত বিজু ফুকনৰ শোক-সন্তপ্ত পৰিয়াললৈ শোকপ্ৰস্তাৱ সহ সমবেদনা জ্ঞাপন কৰে।স্মৰ্তব্য যে, স্মৃতিচাৰণ অনুষ্ঠানটিত কেন্দ্ৰটোৰ সহকাৰী অধ্যাপক বৃন্দ-‌ অভিজিৎ সন্দিকৈ, জেন্নিফাৰ ছাহিন হুছেইন আৰু মনজিৱ মুছাহাৰীৰ লগতে শিক্ষাৰ্থী সকল উপস্থিত থাকে।