Wednesday, 27 December 2017

মাজুলীৰ জীয়া বাস্তৱক লৈ এখন নতুন অসমীয়া চলচিত্ৰ " বৰনদী ভটিয়ায়"

মাজুলীৰ জীয়া বাস্তৱক লৈ এখন নতুন অসমীয়া চলচিত্ৰ 

ইংৰাজী নৱবৰ্ষৰ পহিলা মাহৰ পৰা হ'ব অনুপম কৌশিক বৰাৰ" বৰনদী ভটিয়ায়" ৰ চিত্ৰগ্ৰহণ 

                                                         নৱ কুমাৰ ভৰালী, ৰি'পৰ্ট 

তিহ্যমণ্ডিত মাজুলীৰ এক জীয়া বাস্তৱ ক মূল আধা‌ৰ হিচাপে লৈ আৰু সমান্তৰাল ভাৱে যন্ত্ৰণাকাতৰ এখিনি মানুহৰ হাঁহি-কান্দোন, সুখ-দুখৰ  কিছুমান জীয়া ছবিক সমল কৰি অনুপম কৌশিক বৰাৰ ৰচনা আৰু পৰিচালনাৰে ভাৱৰীয়া - দ্য টি পজিটিভ্চ য়ে প্ৰথমবাৰৰ বাবে " বৰনদী ভটিয়ায়" শীৰ্ষক এখনি পূৰ্ণ দৈৰ্ঘ্যৰ ছবি প্ৰস্তুতিৰ কাম হাতত লৈছে। 
      মাজুলীৰ বিশিষ্ট নাট্যকৰ্মী তথা মাজুলীৰ পৰা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ একমাত্ৰ স্নাতক অনুপম কৌশিক বৰা ৰ এই প্ৰচেষ্টাৰ খবৰে ২০১৭ বছৰটিৰ শেষত আশাৰ বাতৰি কঢ়িয়াই আনিছে। অসমৰ বুকু ফালি বৰনদী ভটিয়ায়। বাৰিষা নদীয়ে বুকু ওফন্দায়। পানী উপৰছনিয়া হৈ দুপাৰলে বান হৈ ঢপলিয়াব খুজিলে মথাউৰি দি পানী ভেটিব লাগে। মথাউৰিয়ে বানৰ বেমাৰ ভাল কৰে। পিছে কেতিয়াবা কেতিয়াবা মথাউৰি ভাগি ভয়ংকৰ বিপদ নামি আহে।  বানে মানুহ-গৰু মাৰে, ঘৰ ভাঙে, খেতি নি:শেষ কৰে। বৰনদীয়ে বুকু ওফন্দাবৰ সময়ত আৰু বানৰ পাছতে পানী কমাৰ সময়ত দুপাৰ খহে। খহনীয়াত মাটি যায় নদীত, অঘৰী হয় বহুজন। কিছুমানে তাকে লৈ ৰাজনীতি কৰে। 

       নিনাদিত মাজুলীয়ে  কৰে আৰ্তনাদ। মাজুলী খহে, মাজুলী উটে। লাহে লাহে মাজুলী নোহোৱা হোৱাৰ উপক্ৰম হব।  মাজুলীৰ বিভিন্ন মনোমোহা লোকেশ্বনত জানুৱাৰী মাহত চিত্ৰগ্ৰহণৰ কাম আৰম্ভ হ'বলগীয়া কথাছবি খন সংগীতেৰে সজাব ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত অসমৰ বিশিষ্ট সংগীত শিল্পী তৰালি শৰ্মাই। প্ৰয়াশ শৰ্মা তামুলীয়ে চিত্ৰগ্ৰহণ কৰিব লগা কথাছবি খনৰ সম্পাদনা ৰন্টু চেতিয়াৰ আৰু ধ্বনি পৰিকল্পনা কৰিব দেৱজিৎ গায়নে। 
   
ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ বহুকেইজন স্নাতকৰ লগতে নতুন প্ৰজন্মৰ কেইবাজনো অতিকৈ সম্ভাৱনময় শিল্পীয়ে অভিনয় কৰিব লগীয়া কথাছবি খনৰ নিৰ্মানৰ খবৰে মাজুলীৰ লগতে ৰাজ্যখনৰ চলচিত্ৰ উদ্যোগটোলৈ বছৰটিৰ শেষত এক আশাৰ বাতৰি কঢ়িয়াই আনিছে।

Saturday, 23 December 2017

সোণৰ পদক লাভেৰে মনোৰ‌ঞ্জন দত্তই গৌৰৱ কঢ়িয়াই আনিলে ঢকুৱাখনালৈ

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত পঞ্চদশ দীক্ষান্ত সমাৰোহ

সোণৰ পদক লাভেৰে মনোৰ‌ঞ্জন দত্তই গৌৰৱ কঢ়িয়াই আনিলে ঢকুৱাখনালৈ।

নৱকুমাৰ ভৰালী

২৩ ডিচেম্বৰ: দেশৰ অন্যতম উচ্চশিক্ষাৰ প্ৰতিষ্ঠান তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পঞ্চদশ দীক্ষান্ত সমাৰোহখনি যোৱা ২১ ডিচেম্বৰত অনুষ্ঠিত হৈ যায়। দীক্ষান্ত সমাৰোহত বহু শিক্ষাৰ্থীক ডিগ্ৰী-ডিপ্লমা আৰু পদক প্ৰদান কৰা হয়। সমাৰোহ খনিৰ এক খবৰে গৌৰৱ কঢ়িয়াই আনিলে ঢকুৱাখনালৈ। লখিমপুৰৰ জিলাৰ সু-সন্তান মনোৰ‌ঞ্জন দত্তক সদ্যঘোষিত পদাৰ্থবিজ্ঞান বিভাগৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত ৮৭.২০ শতাংশ নম্বৰসহ উৰ্ত্তীণ হৈ শ্ৰেষ্ঠ খিতাপ দখল কৰিবলৈ সক্ষম হোৱাৰ বাবে বিশ্ববিদ্যালয়খনৰ সৰ্বোচ্চ সন্মান সোণৰ পদকেৰে বিভূষিত কৰা হয়। 

লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ জালভাৰীৰ বাসিন্দা তথা পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ পুষ্প দত্ত আৰু মহাত্মা আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ সহ: শিক্ষয়িত্ৰী বিদ্যা দত্তৰ প্ৰথম পুত্ৰ  মনোৰ‌ঞ্জন দত্তৰ এই সাফল্যত সমগ্ৰ গা‌ঁওবাসী, ঢকুৱাখনাবাসী উৎফুল্লিত হৈছে। 
       অন্যহাতে মেধাৱী ছাত্ৰ মনোৰ‌ঞ্জনৰ এই সন্মানৰ বাবে বিভিন্নজন, দল-সংগঠন, মাজ-জালভাৰী আৰু উজনি জালভাৰী গা‌ঁও পৰিচালনা সমিতি, প্ৰতিভা সন্ধানী আ‌ৰু শৈক্ষিক বিকা‌শ মঞ্চ, "ঢকুৱাখনীয়া" গ্ৰুপে অভিনন্দন জনাইছে। উল্লেখ কৰিব পাৰি যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ড০ নৰেন্দ্ৰ নাথ দত্ত, ৰাজীৱ গান্ধী কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা ড০ পংকজ ভৰালীৰ পিছতে  তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা সোণৰ পদক বিজেতা মনোৰ‌ঞ্জন দত্ত জালভাৰীৰ সু-সন্তান আৰু তিনিও বিজ্ঞান শাখাৰ।

Friday, 1 December 2017

বিশ্ব এইডছ্ দিৱস পালন

  ডিব্ৰুগড় ব্লাড ড'নাৰ্চ ফ'ৰামৰ উদ্যোগত বিশ্ব এইডছ্ দিৱস পালন

নৱ কুমাৰ ভৰালী, ডিব্ৰুগড়, ২ ডিচেম্বৰ



     মগ্ৰ বিশ্বৰ লগতে ডিব্ৰুগড় ব্লাড ড'নাৰ্চ ফ'ৰামৰ উদ্যোগতো এই বিশ্ব এইডছ্ দিৱস শুকুৰবাৰে পালন কৰা হয় ৷ এই দিৱসত এইডছ অৰ্থাৎ একুৱাৰেদ ইমিওন ডেফিছিয়েনচি ছিণ্ড্ৰম ৰ ভয়বহতা সম্পৰ্কে গোটেই  বিশ্বজুৰি নিৰাপদ যৌন সম্পৰ্কত সাৱধানতা, ৰক্তৰ ব্যৱহাৰত সচেতনতা আৰু সজাগতা সৃষ্টি কৰাৰ লগতে এই দিনটো  এইডছ ৰোগত ভুগি মৃত্যু বৰণ কৰাসকললৈ সমৰ্পণ কৰি অহা হৈছে। 
     উল্লেখ্য যে, অগ্ৰণী সংস্থা ডিব্ৰুগড় ব্লাড ড'নাৰ্চ ফ'ৰামে এই দিৱস উপলক্ষে থানা চাৰিআলি শান্তিপাৰাৰ পৰা চৌকিডিঙ্গী লৈকে এক সজাগতা সমদল বাহিৰ কৰে। সভাপতি ড০ খনীন্দ্ৰ মিশ্ৰ ভাগৱতী, ‌আহ্বা‌য়ক আশু পাল, প্ৰিয়‌ংকা দাস ,অনিমেশ দাস,শ্যামল মা‌জি ,শোভন দাস আৰু পল্লৱ চক্ৰৱতীৰ তত্বাৱধানত হাতে হাতে প্লে'কাৰ্ড,বেনাৰ সহ বাহিৰ কৰা এই সমদলত শতাধিক শিক্ষাৰ্থীৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা অৰু গণসংযোগ ‌অধ্য‌য়ন কেন্দ্ৰৰ কেবাজনো ছাত্ৰই অংশগ্ৰহণ কৰে।
      শুকুৰবাৰৰ দিনটোত সমগ্ৰ বিশ্বতে এইডছ দিৱস পালন কৰা হয় ৷ প্ৰতিবছৰে ১ ডিচেম্বৰৰ দিনটোত পালন কৰা হয় এই দিৱস। ১৯৮৮ চনৰ পৰা পালন কৰা এই দিৱস এইডছৰ ভয়বহতা সম্পৰ্কে প্ৰচাৰ কৰা হয়৷ সমগ্ৰ পৃথিৱীজুৰি চৰকাৰ, স্বাস্থ্যকৰ্মী, বেচৰকাৰী সংস্থা আদিয়ে এই দিৱস পালন কৰি এইডছ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ শিক্ষা প্ৰচাৰ, প্ৰসাৰ কৰে ।

"সাংবাদিকতা আৰু অসমীয়া সাংবাদিকতা" গ্ৰন্থ উন্মোচন

ডিব্ৰুগড় গ্ৰন্থমেলা ২০১৭

  অধ্যাপক নৱজ্যোতি দত্তৰ ৰচিত "সাংবাদিকতা আৰু অসমীয়া সাংবাদিকতা" গ্ৰন্থ উন্মোচন

" সমগ্ৰ দেশ অাৰু জাতিৰ বাবে নিস্বাৰ্থভাৱে বিনাবেতনে একমাত্ৰ সাংবাদিকেই সেৱা আগবঢ়াই আহিছে '' - প্ৰাধ্যাপক বৰঠাকুৰ


সাংবাদিকতা আৰু অসমীয়া সাংবাদিকতা" গ্ৰন্থ উন্মোচনী  মূূহুৰ্ত
ডিব্ৰুগড় গ্ৰন্থমেলা বাকৰিৰ পৰা 
 নৱ কুমাৰ ভৰালী প্ৰতিবেদন, 
                ১ ডিচেম্বৰ:
     জিৰে পৰা ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰত আৰম্ভ হৈছে দশম ডিব্ৰুগড় গ্ৰন্থমেলা ২০১৭। ডিব্ৰুগড় গ্ৰন্থমেলাৰ বাকৰিৰ 'বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱ'ৰ গ্ৰন্থ বিপণীৰ প্ৰা‌ংগণত আজি হেমন্তৰ সেমেকা নিৰিবিলি পৰিৱেশৰ বিয়লি ৩:৩০ অধ্যাপক নৱজ্যোতি দত্তৰ ৰচিত" সাংবাদিকতা আৰু অসমীয়া সাংবাদিকতা" শীৰ্ষক এখনি গ্ৰন্থ উন্মোচন হৈ যায়।


     প্ৰবীণ সাংবাদিক তথা সদৌ অসম সাংবাদিক সন্থাৰ মূখ্য উপদেষ্টা ইকবাল আহমেদৰ সঞ্চালনাত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা অৰু গণসংযোগ ‌অধ্য‌য়ন কেন্দ্ৰৰ সঞ্চালক প্ৰাধ্যাপক ড0 সত্যকাম বৰঠাকুৰে অধ্যাপক-লেখক নৱজ্যোতি দত্তৰ " সাংবাদিকতা আৰু অসমীয়া সাংবাদিকতা " শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে। গ্ৰন্থ উন্মোচনী ভাষণত ড0 বৰঠাকুৰে কয় যে, সাংবাদিকতাৰ বৃত্তিত বৰ্তি থাকিবলৈ আৰু প্ৰতিষ্ঠা পাবলৈ হ'লে কেৱল সাংবাদিকতাৰ অ, আ,ক,খ, আৰু আনুষ্ঠানিক ডিগ্ৰী ল’লেই নহ'ব; সাংবাদিকতাৰ বাবে সৃষ্টিশীল প্ৰতিভাৰ অধিকাৰী হোৱাৰ উপৰিও ৰুচিবোধ, সামাজিক দায়বদ্ধ আৰু প্ৰতিশ্ৰুতি সম্পন্ন ব্যক্তিত্বৰ গৰাকী হ’ব পাৰিব লাগিব। ভাষণ প্ৰসংগত তেওঁ সাংবাদিকতাত সৃজনীশীলতাৰ প্ৰকাশৰ লগতে মেধা আৰু দক্ষতাৰ উপযুক্ত বিকাশ ঘটাই সমাজৰ প্ৰতি দায়বদ্ধতাৰে অৱদান আগবঢ়াব লাগিব বুলি উল্লেখ কৰে। উন্মোচনী বক্তব্য প্ৰসংগত বৰঠাকুৰে পুনৰ, সমগ্ৰ দেশ অাৰু জাতিৰ বাবে নিস্বাৰ্থভাৱে বিনাবেতনে একমাত্ৰ সাংবাদিকেই সেৱা আগবঢ়াই আহিছে, কিন্তু তেওঁলোকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ লগতে নিয়মীয়া পাৰিতোষিকৰ ব্যৱস্থা আজিকোপতি চৰকাৰী ভাৱে ব্যৱস্থা নকৰাটো অতিকে পৰিতাপৰ বিষয় বুলি আক্ষেপ প্ৰকাশ কৰে।

    অন্যহাতে আমন্ত্ৰিত অতিথি হিছাপে উপস্থিত থাকি ডিব্রুগড় হনুমানবক্স সূৰজমল কানৈ কলেজৰ অধ্যক্ষ তথা বিশিষ্ট লেখক ড0 শশীকান্ত শইকীয়াই ভাষণ আগবঢ়ায়। নিজৰ বক্তব্যত তেওঁ "বৰ্তমান সময়ত সাংবাদিকতা এটা অতিকে প্ৰত্যাহ্বানমূলক বৃত্তি, এই বৃত্তিত তিষ্টি থাকিবলৈ হ'লে  সম্প্ৰতি সাংবাদিক সকলে পৃথিৱীখনৰ শেহতীয়া গতিবিধি, ধাৰা আদিৰ বিষয়ে গভীৰ অধ্যয়ন আৰু পৰ্যবেক্ষণ কৰাটো নিতান্তই প্ৰয়োজনীয় হৈছে বুলি কয়।
    অন্য এগৰাকী আমন্ত্ৰিত অতিথি ডিব্রুগড় হনুমানবক্স সূৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড0 খনীন্দ্ৰ মিশ্ৰ ভাগৱতীয়ে বক্তব্যত নৱজ্যোতি দত্ত এজন প্ৰতিশ্ৰুতি সম্পন্ন লেখক, তেওঁৰ লেখনিত উন্নত নৈতিকতা আৰু নতুন ধাৰনাৰ উন্মেষ ঘটে যাৰ জৰিয়তে দত্তই সদাই ৰচনাৰ সুন্দৰতাত বেছি গুৰুত্ব আৰোপ কৰি পৰিপূৰ্ণতাক অগ্ৰাধিকাৰ দিয়াৰ পৰিলক্ষিত হয় বুলি উল্লেখ কৰে।     
     অন্য এগৰাকী আমন্ত্ৰিত অতিথি বিশিষ্ট লেখক, সাংবাদিক তথা দৈনিক প্ৰতিক্ষণ কাকতৰ সম্পাদক মনজিৎ বৰাই নৱজ্যোতি দত্তৰ "সাংবাদিকতা আৰু অসমীয়া সাংবাদিকতা" গ্ৰন্থখন সাংবাদিকতাৰ গ্ৰন্থসমূহৰ ভিতৰত এখন ব্যতিক্ৰমি হাতপুঠি হিছাপে পৰিগণিত হ’ব বুলি আশাকৰি এই গ্ৰন্থখনৰ জৰিয়তে ন-শিকাৰু তথা তৰুণ সাংবাদকৰ্মী  সকলে সহজেই ছপা তথা ইলেক্ট্ৰনিক মাধ্যমৰ বাবে সংবাদ লিখন কলাৰ বিষয়ে ব্যৱহাৰিক ক্ষেত্ৰৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হ’ব পাৰিব বুলিও মন্তব্য কৰে।