ডিব্ৰুগড় গ্ৰন্থমেলা ২০১৭
অধ্যাপক নৱজ্যোতি দত্তৰ ৰচিত "সাংবাদিকতা আৰু অসমীয়া সাংবাদিকতা" গ্ৰন্থ উন্মোচন
" সমগ্ৰ দেশ অাৰু জাতিৰ বাবে নিস্বাৰ্থভাৱে বিনাবেতনে একমাত্ৰ সাংবাদিকেই সেৱা আগবঢ়াই আহিছে '' - প্ৰাধ্যাপক বৰঠাকুৰ
![]() |
| সাংবাদিকতা আৰু অসমীয়া সাংবাদিকতা" গ্ৰন্থ উন্মোচনী মূূহুৰ্ত |
নৱ কুমাৰ ভৰালী প্ৰতিবেদন,
১ ডিচেম্বৰ:
আজিৰে পৰা ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰত আৰম্ভ হৈছে দশম ডিব্ৰুগড় গ্ৰন্থমেলা ২০১৭। ডিব্ৰুগড় গ্ৰন্থমেলাৰ বাকৰিৰ 'বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱ'ৰ গ্ৰন্থ বিপণীৰ প্ৰাংগণত আজি হেমন্তৰ সেমেকা নিৰিবিলি পৰিৱেশৰ বিয়লি ৩:৩০ অধ্যাপক নৱজ্যোতি দত্তৰ ৰচিত" সাংবাদিকতা আৰু অসমীয়া সাংবাদিকতা" শীৰ্ষক এখনি গ্ৰন্থ উন্মোচন হৈ যায়।

প্ৰবীণ সাংবাদিক তথা সদৌ অসম সাংবাদিক সন্থাৰ মূখ্য উপদেষ্টা ইকবাল আহমেদৰ সঞ্চালনাত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা অৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক প্ৰাধ্যাপক ড0 সত্যকাম বৰঠাকুৰে অধ্যাপক-লেখক নৱজ্যোতি দত্তৰ " সাংবাদিকতা আৰু অসমীয়া সাংবাদিকতা " শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে। গ্ৰন্থ উন্মোচনী ভাষণত ড0 বৰঠাকুৰে কয় যে, সাংবাদিকতাৰ বৃত্তিত বৰ্তি থাকিবলৈ আৰু প্ৰতিষ্ঠা পাবলৈ হ'লে কেৱল সাংবাদিকতাৰ অ, আ,ক,খ, আৰু আনুষ্ঠানিক ডিগ্ৰী ল’লেই নহ'ব; সাংবাদিকতাৰ বাবে সৃষ্টিশীল প্ৰতিভাৰ অধিকাৰী হোৱাৰ উপৰিও ৰুচিবোধ, সামাজিক দায়বদ্ধ আৰু প্ৰতিশ্ৰুতি সম্পন্ন ব্যক্তিত্বৰ গৰাকী হ’ব পাৰিব লাগিব। ভাষণ প্ৰসংগত তেওঁ সাংবাদিকতাত সৃজনীশীলতাৰ প্ৰকাশৰ লগতে মেধা আৰু দক্ষতাৰ উপযুক্ত বিকাশ ঘটাই সমাজৰ প্ৰতি দায়বদ্ধতাৰে অৱদান আগবঢ়াব লাগিব বুলি উল্লেখ কৰে। উন্মোচনী বক্তব্য প্ৰসংগত বৰঠাকুৰে পুনৰ, সমগ্ৰ দেশ অাৰু জাতিৰ বাবে নিস্বাৰ্থভাৱে বিনাবেতনে একমাত্ৰ সাংবাদিকেই সেৱা আগবঢ়াই আহিছে, কিন্তু তেওঁলোকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ লগতে নিয়মীয়া পাৰিতোষিকৰ ব্যৱস্থা আজিকোপতি চৰকাৰী ভাৱে ব্যৱস্থা নকৰাটো অতিকে পৰিতাপৰ বিষয় বুলি আক্ষেপ প্ৰকাশ কৰে।
অন্যহাতে আমন্ত্ৰিত অতিথি হিছাপে উপস্থিত থাকি ডিব্রুগড় হনুমানবক্স সূৰজমল কানৈ কলেজৰ অধ্যক্ষ তথা বিশিষ্ট লেখক ড0 শশীকান্ত শইকীয়াই ভাষণ আগবঢ়ায়। নিজৰ বক্তব্যত তেওঁ "বৰ্তমান সময়ত সাংবাদিকতা এটা অতিকে প্ৰত্যাহ্বানমূলক বৃত্তি, এই বৃত্তিত তিষ্টি থাকিবলৈ হ'লে সম্প্ৰতি সাংবাদিক সকলে পৃথিৱীখনৰ শেহতীয়া গতিবিধি, ধাৰা আদিৰ বিষয়ে গভীৰ অধ্যয়ন আৰু পৰ্যবেক্ষণ কৰাটো নিতান্তই প্ৰয়োজনীয় হৈছে বুলি কয়।
অন্য এগৰাকী আমন্ত্ৰিত অতিথি ডিব্রুগড় হনুমানবক্স সূৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড0 খনীন্দ্ৰ মিশ্ৰ ভাগৱতীয়ে বক্তব্যত নৱজ্যোতি দত্ত এজন প্ৰতিশ্ৰুতি সম্পন্ন লেখক, তেওঁৰ লেখনিত উন্নত নৈতিকতা আৰু নতুন ধাৰনাৰ উন্মেষ ঘটে যাৰ জৰিয়তে দত্তই সদাই ৰচনাৰ সুন্দৰতাত বেছি গুৰুত্ব আৰোপ কৰি পৰিপূৰ্ণতাক অগ্ৰাধিকাৰ দিয়াৰ পৰিলক্ষিত হয় বুলি উল্লেখ কৰে।
অন্য এগৰাকী আমন্ত্ৰিত অতিথি বিশিষ্ট লেখক, সাংবাদিক তথা দৈনিক প্ৰতিক্ষণ কাকতৰ সম্পাদক মনজিৎ বৰাই নৱজ্যোতি দত্তৰ "সাংবাদিকতা আৰু অসমীয়া সাংবাদিকতা" গ্ৰন্থখন সাংবাদিকতাৰ গ্ৰন্থসমূহৰ ভিতৰত এখন ব্যতিক্ৰমি হাতপুঠি হিছাপে পৰিগণিত হ’ব বুলি আশাকৰি এই গ্ৰন্থখনৰ জৰিয়তে ন-শিকাৰু তথা তৰুণ সাংবাদকৰ্মী সকলে সহজেই ছপা তথা ইলেক্ট্ৰনিক মাধ্যমৰ বাবে সংবাদ লিখন কলাৰ বিষয়ে ব্যৱহাৰিক ক্ষেত্ৰৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হ’ব পাৰিব বুলিও মন্তব্য কৰে।

No comments:
Post a Comment