Monday, 19 March 2018

ঐতিহ্যমণ্ডিত ফাটবিহু উৎসৱ

        ঐতিহ্যমণ্ডিত ফাটবিহু উৎসৱৰ প্ৰস্তুতি

            ফাটবিহু সমিতি আৰু উদযাপন সমিতি গঠন



               ম'হঘূলি চাপৰিৰ ফাটবিহু তলীৰ পৰা নৱ কুমাৰ ভৰালী, ১৯ মাৰ্চ: সমৰ লোকসংস্কৃতিৰ আপুৰুগীয়া সম্পদস্বৰূপ ঢকুৱাখনাৰ বাপতিসাহোন লোক-বসন্ত উৎসৱ ঐতিহ্যমণ্ডিত ফাটবিহু উৎসৱ ২০১৮ উদযাপনৰ প্ৰস্তুতি আৰম্ভ হৈছে। চাৰিকড়ীয়া নৈ পাৰৰ ‌অনুপম প্ৰকৃতিৰ কোলাত বিভিন্ন জাতি-জনগোষ্ঠীৰ  সমন্ৱয়-সম্প্ৰীতিৰ মিলনৰ স্থলী ম'হঘূলি চাপৰিত ফাটবিহু উৎসৱ  উদযাপনৰ হেতুকে এখনি উদযাপন সমিতি গঠন কৰা হৈছে। 

       সেই উদ্দেশ্যেৰে যোৱা ১৮ মাৰ্চ তাৰিখে ফাটবিহু বাকৰিত ফাটবিহু সমিতিৰ সভাপতি প্ৰদীপ চমুৱাৰ পৌৰহিত্ব্যত অনুষ্ঠিত এক ৰাজহুৱা সভাৰ দ্ৱাৰা ভদ্ৰ গগৈক সভাপতি আৰু চন্দ্ৰজিৎ শইকীয়াক সম্পাদক হিচাপে এখন ৪১ জনীয়া উদযাপন সমিতি গঠন কৰা হয়। উদযাপন সমিতিখন এনেধৰণৰ উপ-সভাপতি-ক্ৰমে প্ৰাণজিৎ শইকীয়া, পল্লবীতা বৰুৱা আৰু ৰাজা বৰুৱা, সহকাৰী সম্পাদক-‌ প্ৰদীপ হাজৰিকা, অৰুণজ্যোতি কলিতা আৰু বনশ্যাম গগৈ, কোষাধ্যক্ষ- কৈলাশ দত্ত, প্ৰচাৰ সম্পা‌দক- অৰুণ চমুৱা, মোহিনী মোহন শইকীয়া আৰু দিপাংকৰ পাতিৰ, কাৰ্যালয় সম্পা‌দক- বিশ্বনাৰায়ণ বুঢ়াগোহাঁই  আৰু হিৰণ্য কুমাৰ দাস আৰু সদস্য/সদস্যা। 
        এই সভাতে ২০১৮-২১ চনৰ ফাটবিহু স্থায়ী সমিতি খনো গঠন কৰা হয়। প্ৰদীপ চমুৱাক সভাপতি আৰু নৰ গগৈক সম্পাদক হিচাপে লৈ ২১ জনীয়া সমিতিখন গঠন কৰা হয়। এই তিনিবছৰীয়া ফাটবিহু সমিতি খন হ'ল- উপ সভানেত্ৰী মঞ্জু গগৈ, বিত্ত সম্পাদক- ৰঞ্জিত সন্দিকৈ, সাংগঠনিক সম্পাদক-দেৱেন গগৈ আৰু দীপক দাস, কাৰ্যালয় সম্পাদক-চন্দ্ৰজিৎ শইকীয়া, সহকাৰী সম্পাদক-মুকুল গগৈ

আৰু সদস্য/সদস্যা । উল্লেখযোগ্য যে, এইবৰ্ষৰ ফাটবিহু উদযাপনৰ বাবে অহা অসমীয়া ব'হাগ মাহৰ ২৭, ২৮ আৰু ২৯  আৰু ইংৰাজী ১১, ১২ আৰু ১৩ মে ২০১৮ শুক্ৰ, শনি আৰু দেওবাৰৰ দিন ধাৰ্য্য কৰি চহা ঢকুৱাখনাবাসী ৰাইজৰ আতিথ্যত মহোৎসৱ আয়োজনৰ যো-জা চলাইছে উদযাপন সমিতিয়ে।

No comments:

Post a Comment